Tiffin Recipe

টিফিন ফ্ৰাইদ ৰাইচ


গ্ৰীণ মটৰ সৰু এবাটি ৰাতি তিয়াই থৈছোঁ‌। গাজৰ, বিন আৰু মটৰখিনি দুফোটমান তেল নিমখ জোখমতে সানি দুইচামুছ পানী দি সিজাই লৈছোঁ‌।

মই বাচমতী লৈছোঁ‌ বেলেগ চাউল হ'লেও হ'ব। চাউল দুইকাপ আধাঘণ্টামান তিয়াই থৈ আধাচামুচ নিমখ  কুকাৰত এটা চিটি মাৰি লৈছোঁ‌ আৰু কণী দুটা নিমখেৰে ফেটী অমলেট কৰি লৈছোঁ‌।

 এতিয়া কেৰাহীত  দুইচামুচ তেল গৰম কৰি কুটি থোৱা পিয়াজ সামান্য ভাজি আধা চামুচ চয়াচ'চ আৰু চিলি চ'চ দি সামান্য লৰাই সিজাই থোৱা পাচলিখিনি আৰু ভাত দি ভাজিলোঁ‌ ৫ মিনিটমান। নমোৱাৰ আগে আগে কণীঅমলেট সৰু সৰুকে ভাঙি দি অলপমান জালুকৰ গুৰি দি অলপ সময় ঢাকোন দি থৈছোঁ‌ ।

Comments

Post a Comment