ভাত আলু চিজ'ৰে পিটিকা ভাতৰ লাৰু
(Potato Rice Balls with cheese)
ৰন্ধন পদ্ধতিঃ
মজলীয়া জোখৰ আলু দুটা আৰু দুকাপ চাউলেৰে কুকাৰত ভাত সিজাই ল'লো ।
আধা ইঞ্চি জোখৰ আদা ৰুকনিত ৰুকি লৈছোঁ,
পিয়াজ এটা মিহিকৈ কুটি লৈছোঁ
চিলিফ্লেক্স আধাচামুছ (নিদিলেও জুতি হয় বাৰু)
আধাচামুছ মিঠাতেল,
ভাত আৰু আলুৰে এই গোটেই সামগ্ৰীখিনি
মিহিকৈ
পিটিকি
লৈছোঁ
।
এতিয়া পিটিকাখিনিৰ সৰু সৰুকৈ ব'ল বনাই
বলটোৰ
মাজত চিজ ভৰাই
তেলত গৰম তাৱাত ভাজিলোঁ(তেল একেবাৰে বেছিকৈ দিব নালাগে।)
জুই ও মধ্যমীয়াকৈ ল'ব লাগে , যাতে দহি নাযায়।
শেষত গৰমে গৰমে বিলাহী চ’চৰ সৈতে জুতি লওঁক।
Raaaaaaaaaaaaaaaam
ReplyDeleteRecipe porhi a lov lagi goise
ReplyDeleteI'll definitely try this 👍👍